![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত দেওবাৰে পুনৰ ১০১৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।ইয়াৰে ৫৭৭জন গুৱাহাটী মহানগৰীৰ। আনহাতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২৩৯৯৯ লৈ বৃদ্ধি পায়। দেওবাৰে ৰাজ্যত ৮৫৮জন লোক সুস্থ হৈ ঘৰলৈ উভতে মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত সম্প্ৰতি ৭৯১৬গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৬০২৩ গৰাকী।আনহাতে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫৭গৰাকীলৈ বৃদ্ধি পালে।












