![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মুকলি আকাশৰ তললৈ ওলাল কৃষক মুক্তি সংগ্রাম সমিতি সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি নেতা বিতু সোণোৱাল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক’ৰনাত চিকিৎসাধীন হৈ থকা পাছত আজি ক’ৰনা মুক্ত হৈ দুইয়োগৰাকী নেতা মুকলি আকাশৰ তললৈ ওলাই আহে।
উল্লেখ কা’ আন্দোলনৰ সময়ত যোৱা ডিচেম্বৰ মাহৰ পৰা বিগত সাত মাহ বন্দী থকা পাছত যোৱা ১৫ আৰু ১৭ জুলাইত নিয়া’ৰ আদালতে মঞ্জুৰ কৰিছিল জামিন।
ক’ৰনা মুক্ত লগতে কাৰামুক্ত হৈ মুকলি আকাশৰ তললৈ অহাৰ পাছত অসমবাসীৰ ৰাইজক ধন্যবাদ জনাই দুয়োগৰাকী নেতাই।সাম্প্ৰদায়িক বিজেপি-আৰএছএছক পুলিয়ে-পোখাই অসমৰ মাটিৰ পৰা উঘালি পেলাব লাগে বুলি অসমবাসী ৰাইজক আহ্বান জনায়।
“কা’ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব।আমাৰ কি দোষ আছিল এইদৰে শাস্তি দিয়া বাবে”- ধৈর্য কয়।নিয়া’ৰ এতিয়া নিৰপেক্ষ সন্থা হৈ থকা নাই।ৰাজনীতিৰ সন্থালৈ পৰিৱৰ্তন হৈছে।কাৰাৰুদ্ধ সময়ত আমাক আৰএছএছত যোগদান কৰাৰ কথা বাৰে বাৰে কোৱা হৈছিল- কোঁৱৰে কয়।
ছাত্ৰ মুক্তি সংগ্রাম সমিতি নেতা বিতু সোনোৱালে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমবাসীৰ ৰাইজক ধন্যবাদ জনাই।আমাক বন্দী কৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিক ৰাজনৈতিক ভাৱে হত্যা কৰিব বিচৰা হৈছিল-বিতুৱে কয়। উল্লেখ যে কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি আছে অহা ২১ জুলাইত।












