![]()
নিউজ ডেস্ক:
ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি। বিগত ২৪ ঘণ্টাত আৰু দুজন লোক এই মাৰণ ভাইৰাছত মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা বাঢ়ি হয় ৫৩। আনহাতে, ১,১১৭জন নতুনকৈ আক্ৰান্ত হোৱাৰ সৈতে মুঠ কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হ’ল ২২,৯৮১জন।
আনহাতে, এই আক্ৰান্তসকলৰ ভিতৰত কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫১৫জন। এক টুইট যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰে।শেহতীয়াভাৱে মৃত্যু হোৱা লোক দুজনৰ বয়স ক্ৰমে ৬১ আৰু ৬২ বছৰ। ইয়াৰে এজন গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত আৰু আনজনৰ যোৰহাট মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয়।
উল্লেখযোগ্য যে শুকুৰবাৰৰ দিনটোত এই পৰ্যন্ত এটা দিনত সৰ্বাধিক ১,২১৮জন ব্যক্তিৰ দেহলৈ এই ভাইৰাছ সংক্ৰমণ ঘটিছিল।আনহাতে, অভিলেখ সংখ্যক ১,০৬০জন ৰোগী শনিবাৰে সুস্থ হৈ ঘৰলৈ উভতে। ইয়াৰ জৰিয়তে ৰাজ্যখনত কৰোনাৰ পৰা সুস্থ হ’ল মুঠ ১৫,১৬৫জন ৰোগী। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ৰোগী আছে ৭,৭৬০জন।ইফালে আজি অন্ত পৰিব গুৱাহাটীত চলি থকা লকডাউন।
কিন্তু অসম চৰকাৰে গণ সংক্ৰমণৰ আশংকাত অহা ২২ জুলাইৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ব্যক্তিৰ আন্তঃজিলা যাতায়ত নিষিদ্ধ কৰিছে। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে এই কথা প্ৰকাশ কৰে। এক সংবাদ মেলত তেওঁ কয় যে কেৱল মেডিকেল আৰু জৰুৰীকালীন সেৱাসমূহহে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ লিখিত অনুমতি সাপেক্ষে অব্যাহত থাকিব।
অৱশ্যে পণ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ ব্যাহত নহয় বুলিও তেওঁ জানিবলৈ দিয়ে।আনহাতে, কামৰূপ মহানগৰ জিলা অন্তৰ্গত অঞ্চলসমূহত নিশাৰ সান্ধ্য আইন আৰু সপ্তাহৰ শেষৰ দুদিনৰ লকডাউন অব্যাহত থাকিব। অৱশ্যে সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ বলৱত থাকিব। এই গাইডলাইন শনিবাৰে সন্ধিয়া ৭ বজাৰ পৰা আগষ্টৰ ২ তাৰিখলৈ সমগ্ৰ জিলাখনত জাৰি থাকিব।












