![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
প্লাজমা দান কৰক পাব চাকৰিৰ লগতে চৰকাৰী সা-সুবিধা-বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।গুৱাহাটীত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ।তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোণা ৰোগীৰ ওপৰত আৰম্ভ কৰিছে প্লাজমা থেৰাপী।ক’ৰোণাৰ পৰা সুস্থ হোৱা ৰোগীক প্লাজমা দান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰী শৰ্মাই লগতে কয় যে, প্লাজমা দান কৰিলে চৰকাৰী চাকৰিৰ লগতে, সা-সুবিধা লাভ কৰাত পাব অগ্ৰাধিকাৰ। যিহেতু প্লাজমা থেৰাপীৰ জৰিয়তে আন ক’ৰোণাত আক্ৰান্তৰ জীৱন বচাব পৰা যাব, গতিকে প্লাজমা দান কৰা সকলৰ বাবে চৰকাৰী চাকৰিৰ লগতে অন্যান্য সা-সুবিধাত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে আনকি প্লাজমা দান কৰা ব্যক্তিক দিব প্লাজমা ডনাৰৰ চাৰ্টিফিকেট। চিকিত্সকেও দান কৰিব পাৰিব প্লাজমা।
ইয়াৰ উপৰিও, তিনিমাহৰ লৈকে দিব পাৰে প্লাজমা ৷ ৰাজ্যৰ বাহিৰৰ যিসকলে প্লাজমা দান দিব বিছাৰিছে, তেনে লোকক ৰাজ্যিক অতিথি হিচাপে অনা হ’ব ৷ প্লেনৰ টিকটৰ পৰা আদি কৰি সকলো খৰচ চৰকাৰে বহন কৰিব ৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় টিভিত প্ৰচাৰ কৰিব চৰকাৰে ৷ সংবাদমেলত এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।












