![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হৈ থকা তিনিটা গোচৰত জামিন মঞ্জুৰ হয় আজি৷।গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হৈ থকা ক্ৰমে ২৯৩/২০১৯, ২৯৬/২০১৯ আৰু ৩০৭/২০১৯ নম্বৰ গোচৰত আজি আদালতে মঞ্জুৰ কৰিছে জামিন।
উল্লেখ যে বিগত ৭মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা গৰাকীৰ বিৰুদ্ধে যদি নতুনকৈ কোনো গোচৰ ৰুজু নকৰে, তেনেহলে নিয়া’ৰ দুটা গোচৰ ক্ৰমে ১৩/১৯ আৰু ১/২০ নম্বৰ গোচৰত জামিন মঞ্জুৰ হলেই অখিল গগৈ মুকলি আকাশৰ তললৈ অহা বাট মুকলি হব-এই কথা জনালে অধিবক্তাই।
গুৰুত্বপূৰ্ণ কথা এই যে নিয়া গোচৰত গ্ৰেপ্তাৰ হৈ থকা অখিলৰ দুই সতীৰ্থ বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে আদালতে।শুকুৰবাৰে কৃষক নেতা ধৈৰ্য কোঁৱৰৰ নিয়া গোচৰৰ জামিনৰ ৰায় দিব আদালতে।












