![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ হঠাৎ ভাইৰেল এখন ফটো।ক’ৰোনাত আক্রান্ত গগৈৰ সম্পূৰ্ন ঘৰুৱা সাঁজত এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকা মুহূৰ্ত ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
ইফালে ফটোখন প্ৰকাশ কৰা সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰিছে চিকিৎসাধীন অখিলৰ পত্নী গিতাশ্ৰী তামুলীয়ে। সামাজিক মাধ্যম ফেচবুকত তামুলীয়ে ৰাইজক ফটোখন ডিলিত কৰাৰো আহ্বান জনাইছে।চিকিৎসা লৈ থকাৰ এগৰাকী ৰোগী এইদৰে ফটো তোলাতো নৈতিক কাৰ্য নে!আইন সংগত হয় নে নহয়?-প্ৰশ্ন কৰিছে পত্নী গৰাকীয়ে।
ফটোখন কোনে তুলিছে।এগৰাকীৰ চিকিৎসাধীন ৰোগীক এনেদৰে ঘৰুৱা সাজ পাৰত ফটোখন তোলা কোনে অনুমতি দিলে বুলি প্ৰশ্ন উত্থাপন কৰি নিজৰ ফেচবুক ৱালত লিখিছে এইদৰে- “পাপাৰাজ্জʼ(Paparazzo)জন কোন?
বানৰ বিভীষিকাই মন গিলিপ মাৰি থৈছে। এনে কথা লিখিবলৈ পুৱাই পুৱাই ফেচবুকৰ আশ্ৰয় ল’ব লগা হ’ব বুলি ভবা নাছিলো।
অখিল গগৈ জি এইম চি এইছ-অত আছে। কোনো খবৰ পোৱা নাই যদিও আশা কৰি আছো, সুচিকিৎসা পাই আছে। কিন্তু হঠাৎ সামাজিক মাধ্যমত চলি থকা ফটো এখন দেখি দুশ্চিন্তা বাঢ়িল।
এই ফটো সঁচা নে কোনোবাই তৈয়াৰ (morph)কৰিছে? কোনে এই ফটো তূলি এনেদৰে ৰাজহুৱা স্হানত সহজলভ্য কৰিলে? এজন চিকিৎসকেই এই ফটো তুলিছে নেকি? কাৰ কাৰ সেই কক্ষত প্ৰবেশাধিকাৰ আছে? এজন চিকিৎসাধীন ৰোগীক ঘৰুৱা সাজপাৰত এনেদৰে ফটো তুলিবলৈ কোনে অনুমতি দিলে?
হাঁহিয়াতৰ পাত্ৰ কৰাৰ চেষ্টা নে অৱনমনৰ? চিকিৎসা লৈ থকা ৰোগীৰ এইদৰে ফটো তোলা নৈতিক কাৰ্য নে? আইনসংগত হয়নে নহয়?যদি বাহিৰৰ লোকে তুলিছে, তেন্তে য’ত তেওঁক ৰাখিছে, তাত জীৱনৰ নিৰাপত্তা কিমান?যিসকল শুভাকাংক্ষীয়ে নুবুজা, নজনাকৈ ফটোখন প্ৰচাৰ কৰিছে, তেওঁলোকলৈ অনুৰোধ, সেই সন্দেহজনক ফটোখন প্ৰত্যাহাৰ কৰক।কটা ঘাত চেঙা তেল দিব বিচৰা শক্তি বোৰ কোন, বিচাৰিব লাগিব”।












