![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মহানগৰীৰ উলুবাৰীত বৈদ্যুতিক শ্মশানৰ নামাকৰণক ডক্টৰ বাণীকান্ত কাকতি নামেৰে নামাকৰণ কৰাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ খং।সামাজিক মাধ্যমত অসমীয়া জাতিৰ মহান মনীষী গৰাকীক অপমান কৰা বুলি সৰ্বত্তে চৰ্চা হোৱাৰ পাছতে শ্মশান খনৰ পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নাম ফলত খুলি পেলোৱা লগতে তৎকালীন ভাৱে শ্মশান খনৰ নামাকৰণ কৰ্তন কৰাৰো নির্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।
উল্লেখ যে সোমবাৰে বৈদ্যুতিক শ্মশানখন শুভাৰম্ভ কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্যই। শুভাৰম্ভ কৰি শ্মশান খন ডক্টৰ বানীকান্ত কাকতিৰ নামেৰে নামাকৰন কৰা বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল।
গুৰুত্বপূৰ্ণ কথা এই যে সামাজিক মাধ্যমত নামাকৰণৰ তীব্ৰ সমালোচনা পাছতেই ২৪ঘণ্টা ভিতৰতে এগৰাকী দায়িত্বশীল কেবিনেট মন্ত্ৰীয়ে উদ্বোধন কৰা শ্মশান খনৰ নাম কৰ্তন কৰিব লগা হোৱা কাৰ্যক ধিক্কাৰ জনাইছে অসমৰ সচেতন জনতাই।












