![]()
নিউজ ডেস্ক :
বৃহৎ সাফল্য ৰাছিয়াৰ। বিশ্বত এই প্রথম কোনো ক’ৰোনা ভেকচিনে প্রতিটো মানৱ ট্রায়েল উত্তীৰ্ণ কৰিলে সাফল্যৰ সৈতে। ক্লিনিকেল ট্রায়েলৰ প্রতিটো পৰ্যায়ত সফলতাৰ সৈতে পাৰ হৈ গৈছে ৰাছিয়াৰ মস্কো ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিৰ পৰীক্ষামূলক কৰোনা ভেকচিন।
সংবাদ প্ৰতিষ্ঠান স্পুটনিকক দিয়া সাক্ষাতকাৰত ইনস্টিটিউট ফৰ ট্রানজেচনেল মেডিচিন এণ্ড বায়টেকনলজিৰ ডিৰেক্টৰ ভাদিম টাৰাছভে জনায়, মানৱ ট্রায়েলৰ স্বেচ্ছাসেৱকসকলৰ প্রথম গ্রুপক বুধবাৰে উলিয়াই দিয়া হ’ব। দ্বিতীয় গ্রুপক এৰি দিয়া হ’ব ২০ জুলাইত।
১৮ জুনত এই বিশ্ববিদ্যালয়ে মানৱ ট্রায়েল আৰম্ভ কৰিছিল। ৰাছিয়াৰ গামালেই ইনস্টিটিউট অব এপিডেমোলজি এণ্ড মাইক্রোবায়োলজিৰ সৃষ্টি কৰা কৰোনা ভেকচিনৰ মানৱ ট্রায়েল আৰম্ভ কৰা হয়। সেই ভেকচিনৰেই সাফল্য লাভ কৰা হৈছে প্রাথমিক পর্যায়ত।
স্কেনোভ বিশ্ববিদ্যালয়ৰ পৰীক্ষা সফল হৈছে। যদি প্রতিটো গ্রুপত এই পৰীক্ষা সফল হয়, তেতিয়া এই ভেকচিনেই হ’ব বিশ্বৰ প্রথম কৰোনা ভেকচিন, যি মানৱ ট্রায়েল সম্পূর্ণ কৰিব সাফল্যৰ সৈতে। দেওবাৰে এই কথা জনায় টাৰাছভে। ইনস্টিটিউট অব মেডিকেল পেৰাছাইটোলজিৰ ডিৰেক্টৰ আলেকজেন্ডাৰ লুকাছেভে জনায় যে এই সমীক্ষাৰ ফলে সাফল্য আনিব। সমগ্র মানৱ জাতিক বচাব বুলি তেওঁৰ আশা।










