![]()
নিউজ ডেক্স:
ৰাহুল গান্ধীক কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত কৰিবৰ বাবে দাবী উত্থাপন হৈছে৷ দলটোৰ সাংসদসকলৰ একাংশই এই দাবী উত্থাপন কৰিছে৷ আনকি দলৰ কাৰ্যকৰী সভাপতি ছোনীয়া গান্ধীয়ে শেহতীয়াকৈ সাংসদসকলৰ লগত আলোচনা কৰোতেও মূল বিষয় ৰাহুল হৈ পৰে৷
দলৰ সাংসদসকলে তেওঁক পুনৰ সভাপতি পাতিবলৈ দাবী জনাইছে৷ শেহতীয়া সভাত কেৰালাৰ সাংসদ কে সুৰেশে দাবী কৰে যে ৰাহুল গান্ধীক নতুনকৈ দায়িত্ব দিয়া হওক৷ এই প্ৰস্তাৱত সমৰ্থন কৰে কেৰালাৰ এণ্টো এন্থনী, মণিক্কম টেগোৰ, অসমৰ গৌৰৱ গগৈ, আব্দুল খালেক, বিহাৰৰ মহম্মদ জাভেদ আৰু ওড়িশ্যাৰ সপ্তগিৰি শংকৰ উলাকা।
এই প্ৰসংগত ৰাহুলে কোনো মত প্ৰকাশ কৰা নাই৷ ইয়াৰ আগতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সভাত এই দাবী উত্থাপন হৈছিল৷ তেতিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্রাক্তন সভাপতিকে পুনৰ দায়িত্ব দিবলৈ দাবী কৰে৷
তেতিয়া ৰাহুল গান্ধী মৌন আছিল বুলি প্ৰকাশ৷ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে ক’ৰোনা পৰিস্থিতি শাম কটাৰ পাছতে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাহুল গান্ধীক সভাপতি নিৰ্বাচন কৰা হ’ব৷












