![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
শনিবাৰে নিশা বৰষুণৰ ফলত যোৰাবাটত সংঘটিত ভুমিস্খলন। যোৰাবাটৰ ১২ মাইলৰ আমভেৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হয় দুগৰাকীৰ শ্ৰমিক।মোহন ঘিমিৰ আৰু বিলাশ প্ৰধান নামৰ শ্ৰমিক দুজন নিশা শুই থকা অৱস্থাতে পোত যায় ভুমিস্খলত।সীমান্ত দাস নামৰ অন্য এজন লোক কথমপি প্ৰাণ ৰক্ষা পৰে।


প্ৰাপ্ত খবৰ অনুসৰি ১২ মাইলৰ সীমান্ত দাস নামৰ এজন লোকৰ গৃহ নিৰ্মান কৰি থকা হৈছিল মোহন ঘিমিৰ আৰু বিলাশ প্ৰধানে ঘৰতোৰ চাফ চিকুনৰ কামত জড়িত হৈ আছিল।দিনতো কাম কৰি সন্ধিয়া বৰষুণৰ বাবে ঘৰলৈ যাব পৰা নাছিল শ্ৰমিক আৰু ঘৰটো স্বতাধিকাৰী গৰাকী।
ফলত তিনিওজন নিশা ঘৰটোতে কটাইছিল।
ইফালে ৰাতি বৰষুণৰ প্ৰকোপ বৃদ্ধি হোৱাত পাহাৰৰ পৰা মাটি খহি আহে।পানী সৈতে খহি অহা মাটিয়ে ঘৰটোৰ পকি দেৱাল ভাঙি পেলাই।মুহূৰ্ততে শুই থকা অৱস্থাত তিনিওজন মাটিত পোত যায়।
দেওবাৰৰ পুৱাৰ ভাগত সোনাপুৰ আৰক্ষী, যোৰাবাট আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ সহযোগত মৃত ব্যক্তি দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।মৃত মোহন ঘিমিৰৰ ঘৰ নেপালত আৰু সোনাপুৰৰ শংকৰ ভোজনালয় হোটেলত কৰ্মৰত আছিল তেওঁ।












