ষ্টাফ ৰিপ’ৰ্টাৰ:
![]()
অৱশেষত নিশ্চিত খবৰ আহিছে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ ক’ৰনাত ভাইৰাছত আক্রান্ত হৈছে।গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জ্বৰ-কাহত আৰু গা বিষত আক্রান্ত গগৈৰ স্বোৱাব সংগ্ৰহ কৰা হৈছিল যোৱা মঙলবাৰে।
এন্টিজেন টেষ্টত গগৈৰ ফলাফল নেগেটিভ আহিছিল যদিও সাধাৰণ স্বোৱাব টেষ্টত ফলাফল পজিটিভ আহে গগৈৰ।দিল্লীত কৰা হৈছিল গগৈৰ নুমুনা টেষ্ট।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হব গগৈক।












