![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত ক’ৰোনা পৰিৱেশ যথেষ্ঠ চিন্তনীয়।চিকিৎসালয় সমূহত জীৱন-মৰণৰ বাবে সংগ্রাম কৰিছে ক’ৰোনা আক্রান্তই- এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
আনহাতে স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় “অনলাইন পদ্ধতিত অসমত পৰীক্ষাৰ অনুষ্ঠিত কৰা সম্ভৱ নহয়।সকলো ছাত্ৰ-ছাত্ৰী অনলাইন পদ্ধতিত পৰীক্ষা দিব পৰা সুবিধা নাই।যদি দুয়োটা পদ্ধতিত পতা অনুমতি থাকে তেন্তে চিন্তা কৰিব পাৰি।স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা এইদৰে পতাতো সম্ভৱ নহব”।
গুৱাহাটীৰ লগতে ৰাজ্য চাৰিখনকৈ চহৰ বৰ্তমান স্বাস্থ্য বিভাগৰ নজৰত থকা বুলি উল্লেখ কৰে শৰ্মাই।যোৰহাট, গোলাঘাট, বৰপেটা, শিলচৰ চহৰৰ পৰিৱেশ ভাল নহয়।লকডাউন দিব লগা পৰিৱেশ বৰ্তমান যদিও হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত দিব লগা হব পাৰে লকডাউন-শৰ্মা কয়।












