![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভয়াৱহ গণ সংক্ৰমণ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত।শনিবাৰৰ দিনটোত পুনৰ ৩৩জন কয়দী আক্রান্ত হয় ক’ৰোনাত।এই কথা এক সংবাদ মেলত প্ৰকাশ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আক্রান্ত কয়দী কেইজনক ভৰ্তি কৰোৱা হব কালাপাহাৰ কভিড চিকিৎসালয়ত।
উল্লেখ যে শুকুৰবাৰৰ দিনটোত ৰঞ্জন দৈমাৰী সহ ১৯জন কৈ কয়দী আক্রান্ত হৈছিল ক’ৰোনাত।বৰ্তমান সময়লৈকে কাৰাগাৰ খনত মুঠ আক্রান্ত হৈছে ৫৮জন।












