ষ্টাফ ৰিপ’ৰ্টাৰ:
কামৰূপ(ম) পুনৰ এটা সপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য স্বাস্থ্য বিভাগৰ।ৰাজ্য মূখ্য সচিবক এই প্ৰস্তাৱ আগবঢ়োৱা কথা ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
নাগৰিক সমাজে দুটা সপ্তাহৰ বাবে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছিল যদিও স্বাস্থ্য বিভাগে এটা সপ্তাহ লকডাউন বৃদ্ধি কৰিলে যথেষ্ট হব বুলি জনাইছে মুখ্য সচিবক।চতুৰ্থ সপ্তাহৰ পৰা পৰ্যায় অনুসৰি গুৱাহাটীত শিথিল হব লকডাউন- মন্ত্ৰী শৰ্মাই লগতে কয়।
উল্লেখ যে গুৱাহাটীৰ মহানগৰীত পূৰ্বতকৈ হ্ৰাস পাইছে ক’ৰোনা আক্রান্ত ঘটনা।পূর্বতে জিলাখনত ৩০ শতাংশ আক্রান্ত ধৰা পৰিছিল।বর্তমান ২১ শতাংশ হৈছে আক্রান্ত সংখ্যা।যোৱা দুটা দিনত ১৬ শতাংশলৈ হ্ৰাস পাইছে আক্রান্ত।
কামৰূপ(ম) জিলাত প্ৰায় এক লাখ টেষ্ট সম্পূৰ্ন হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মা কয় “এন্টিজেন টেষ্ট ৬২৫৭ জনক কৰা হৈছে।তাত ১৩০৪জন আক্রান্ত ধৰা পৰিছে”।
কামৰূপ(ম) জিলাত কভিড কেয়াৰ চেন্টাৰত ৩১৮৯ খন আসন আছে । তাৰে ২১৫৬খনত আক্রান্ত আছে আৰু ৮০০আসন দুই-এদিনত সাজু হব- মন্ত্ৰী শৰ্মাই কয়।লগতে তেওঁ কয় জিলাখনত ৬খন মেডিকেলত ৯৭২খন আসন আছে।তাৰে ৮০৭খন আসনত বৰ্তমান ৰোগী আছে।
গুৰুত্বপূৰ্ণ কথা এই যে লকডাউনত ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ জনতাক পৰিস্থিতি ভাল হোৱা পাছত হলেও চৰকাৰে ভালদৰে সহায় কৰিব বুলি শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।