![]()
নিউজ ডেক্স:
অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যৌথ অভিযানত ৬ নগা সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷ উভয়পক্ষৰ মাজত হোৱা গুলীয়াগুলীত এজন অসম ৰাইফলৰ জোৱান আহত হয়৷ শনিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এই ঘটনাটো সংঘটিত হয়৷
কিছুদিন ধৰি অৰুণাচল আৰু অসমৰ বিভিন্ন জিলাত চীনৰ আৰ্শীবাদপুষ্ট নেচনেল ছচিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড আই এম (এনএছচিএন-আইএম)ৰ সদস্য সক্ৰিয় হৈ উঠাৰ খবৰ পোৱা গৈছিল৷
শুকুৰবাৰে ৰাতি চোৰাংচোৱাৰ সূত্ৰে খবৰ পায় অৰুণাচলৰ লংডিং জিলাৰ এনগিনু গাঁৱত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ বাহিনীয়ে অভিযান চলায়৷ শনিবাৰে এই সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰে৷ তাতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়৷ সেই সংঘৰ্ষত ৬ সন্ত্ৰাসবাদীৰ নিহত হয়৷
লগতে এজন অসম ৰাইফলছৰ জোৱান আহত হয়৷ অঞ্চলটোত আন সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে৷ ঘটনাস্থলীৰ পৰা চাৰিটা এ কে ৪৭ ৰাইফেল আৰু চীনত নিৰ্মিত দুখন ড্রোন উদ্ধাৰ হয়৷












