![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভয়ংকৰ গণ সংক্ৰমণে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটীত। সাধাৰণ জনতাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰো আক্রান্ত হৈছে এতিয়া ক’ৰোনাত।শুকুৰবাৰৰ দিনটোত অসম আৰক্ষীৰ মুঠ ২৯ গৰাকীকৈ আৰক্ষী বিষয়া-জোঁৱান আক্রান্ত হৈছে ক’ৰোনা ভাইৰাছত।
তাৰে ১০ জন গুৱাহাটী মহানগৰীৰ।উল্লেখ যে শুকুৰবাৰৰ দিনটোলৈ ৰাজ্যত মুঠ ৪৩১ জন বিষয়া-জোৱান ক’ৰোনাত আক্ৰান্ত হৈছে।সুস্থ হৈছে ১৬৫ জন আৰুমৃত্যু হৈছে এজনৰ।অতি চিন্তিত কথা এই যে ৰাজ্যত মুঠ আক্ৰান্ত আৰক্ষীৰ ২৭৩ জনেই গুৱাহাটীত কৰ্তব্যৰত আৰক্ষী।

অৱশ্যে ইয়াৰে ৮৩ জন সুস্থ হৈ উঠাৰ বিপৰীতে ১৯০জন চিকিৎসাধীন।আনহাতে দুৰ্ভাগ্যজনক ভাৱে শুকুৰবাৰৰ দিনটোত প্ৰথম গৰাকী আৰক্ষী মৃত্যু হয় ক’ৰোনাত।
যোৱা ৭ জুলাইত ক’ৰোনাত আক্ৰান্ত হৈ আইআইটি গুৱাহাটীৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত ষষ্ঠ এপিবিএনৰ জোৱান হৰেশ্বৰ নাথৰ মৃত্যু হয়। ক’ৰোনা বিৰোধী যুঁজত প্ৰাণ হেৰুৱাব লগা হোৱা আৰক্ষীৰ প্ৰথমগৰাকী যোদ্ধ হৰেশ্বৰ নাথৰ ঘৰ আছিল নগাঁৱত।












