ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ৰোণাৰ ভয়াৱহ গণ সংক্ৰমণ।শুকুৰবাৰৰ দিনটোত কাৰাৰুদ্ধ ১৯গৰাকী কয়দী আক্রান্ত ক’ৰোণা ভাইৰাছত। আক্রান্ত ভিতৰত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীও আছে।
উল্লেখ যে আক্রান্ত কয়দী সকলক ইতিমধ্যে কাৰাগাৰৰ পৰা লৈ অহা হৈছিল চিকিৎসালয়লৈ।কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আক্রান্ত কয়দী সকলক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসা লয়ত ভৰ্তি কৰা হৈছে।
ইফালে বিশেষ সূত্ৰ খবৰ অনুসৰি ৰঞ্জন দৈমাৰীক জাগীৰোড কভিড চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।কিন্তু তাত কভিড বেদ খালি নথকাত পুনৰ লৈ অহা হৈছে গুৱাহাটীলৈ।
গুৰুত্বপূৰ্ণ কথা এই যে নিৰাপত্তা স্বাৰ্থত কয়দী সকলক কভিড কেয়াৰ চেণ্টাৰৰ বিপৰীতে ৰখা হব চিকিৎসালয়ত। উল্লেখ যে ইয়াৰ পূৰ্বে কৃষক মুক্তি কাৰাৰুদ্ধ দুই নেতাসহ মুঠ ৬জন আক্রান্ত হৈছিল কেন্দ্ৰীয় কাৰাগাৰ খনত। ১০৯০ জন কয়দী থকা কাৰাগাৰ খনত মুঠ আক্রান্ত সংখ্যা হৈছেগৈ ২৫জন।