অজন্তা তালুকদাৰ :
আজি বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে অঃ লেঃ সঃ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী.ড° শীলা বৰঠাকুৰৰ মৃত্যুত তেখেতলৈ শ্ৰদ্ধা জনাই সন্ধানীৰ সকলো সদস্যাৰ উপস্থিতিিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে ৷সভাৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে সন্ধানীৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা সদৌ অসমৰ প্ৰাক্তন সভাপতি অন্নদা শইকীয়াই স্মৃতি তৰ্পণ কৰাৰ লগতে সদস্যাবৃন্দাই এখনি শৰাই আগবঢ়াই নাম কীৰ্তনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ সন্ধানীৰ স্হায়ী সভানেত্ৰী ,পুতলীখাউণ্ডৰ সভানেতৃত্বত স্মৃতিচাৰণ সভা আৰম্ভ হয় ৷উদ্দেশ্য ব্যাখ্যাত সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকাই শীলা বৰঠাকুৰৰ শ্ৰদ্ধাৰে স্মৃতিচাৰণ কৰে ৷
সভাত ড° বিভা বৰাই তেখেতৰ জীৱন পৰিক্ৰমাৰ ওপৰত বিতং ভাৱে কয় ৷ ইয়াৰ পাছত সদৌ অসমৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে তেখেতৰ ভাষণত শীলা বৰঠাকুৰৰ লগত ঘৰুৱাভাৱে লগ পোৱাৰ পাতনিৰে বোকাখাতত সন্ধানীৰ জন্মদাতা অন্নদা শইকীয়াৰ লগত শীলা বৰঠাকুৰৰ সহায়ত কেনেদৰে লেখিকা সমাৰোহৰ সাংগঠনিক কাম কাজ আগবাঢ়িলে সেইখিনি ৰোমন্থন কৰে আৰু ড° শীলা বৰঠাকুৰৰ শেষসময় সংগীতৰ লগত তেখেত বিশেষভাৱে প্ৰিয় হৈ পৰাৰ কথা উল্লেখ কৰে ৷সভাত বক্তব্য ৰাখে প্ৰাক্তন সভানেত্ৰী অন্নদা শইকীয়া সন্ধানীৰ উপসভানেত্ৰী কল্পনা চেতিয়া আৰু নিজৰা বৰঠাকুৰে ৷ সভাত প্ৰচাৰ সম্পাদিকা মৃদুস্মিতা শৰ্মাই কবিতা পাঠেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৷সদস্যা কুঞ্জদাসেও বক্তব্য ৰাখে ৷শেষত সম্পাদিকা শান্তি দত্তই বৰদলৈয়ে সকলোকে শলাগ জ্ঞাপন কৰে ৷