নিউজ ডেস্ক : হায়দৰাবাদৰ ফার্মাচিউটিকেল সংস্থা ভাৰত বায়োটেকৰ উৎপাদিত COVAXIN আৰু আহমেদাবাদৰ ফার্মাচিউটিকেল সংস্থা জাইডাছ কেডিলাৰৰ ZyCov-D— এই দুটি কৰোনা প্রতিষেধকে ইতিমধ্যেই ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইন্ডিয়াৰ (DCGI) পৰা হিউমেন ট্রায়েলৰ অনুমতি লাভ কৰিছে। জানিব পৰা মতে, অহা ১৩ জুলাইৰ পৰা আৰম্ভ হ’ব Covaxinৰ প্রথম পর্যায়ৰ হিউমেন ট্রায়েল। জাইডাছ কেডিলাৰে তৈয়াৰ কৰা কৰোনা টীকাৰ ট্রায়েলো আৰম্ভ হ’ব খুব সোনকালেই। ইয়াৰ মাজতেই জনা গৈছে কৰোনাৰ বিৰুদ্ধে যুঁজত বিশ্বত সকলোতকৈ বেছি আশা জগোৱা অক্সফোর্ডৰ বিজ্ঞানীসকলে তৈয়াৰ কৰা কৰোনা প্রতিষেধকৰ (ChAdOx1 nCoV-19) মুক্তিৰ দিন-ক্ষণ।
ইতিমধ্যেই এই প্রতিষেধকৰ উৎপাদনৰ কাম আৰম্ভ কৰিছে ব্রিটিছ ফার্মাচিউটিকেল জায়েন্ট ‘এস্ট্রা জেনিকা’ (AstraZeneca) আৰু বিশ্বৰ বৃহত্তম টীকা প্রস্তুতকাৰক সংস্থা ভাৰতৰ চিৰাম ইনস্টিটিউটেও (Serum Institute of India)। এই টীকাৰ উৎপাদনৰ কাম আৰম্ভ হ’ব ব্রাজিলতো। বৃহস্পতিবাৰে কোম্পানীৰ পক্ষৰ পৰা জনাইছে, এই পর্যন্ত বিশ্বৰ ‘সকলোতকৈ নিৰাপদ’ কৰোনা প্রতিষেধক হাতত পাবলৈ আৰু অন্তত ছয় মাহ অপেক্ষা কৰিব লাগিব। ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইন্ডিয়াৰ (DCGI) তৰফৰ পৰা প্রতিষেধক উৎপাদনৰ ক্ষেত্রত অনুমতি-পত্র লাভ কৰিলেও বিশ্বজুৰি চলা ট্রায়েলৰ ফলাফল নোপোৱা পর্যন্ত ইয়াক বজাৰত উলিয়াই দিয়াটো সম্ভৱ নহয়। ট্রায়েলৰ ইতিবাচক ফলাফল আহিলে উৎপাদনৰ গতি বৃদ্ধি কৰি এই প্রতিষেধক বজাৰলৈ আনোতে অন্তত ছয় মাহমান সময় লাগি যাব পাৰে। আশা কৰা হৈছে, ২০২০ চনৰ শেষতেই এই টীকা বজাৰত মুকলি কৰাটো সম্ভৱ হ’ব।
অক্সফোর্ডৰ বিজ্ঞানীসকলৰ দ্বাৰা উৎপাদিত প্রতিষেধকটিৰ শেষ পর্যায়ৰ ট্রায়েল চলিছে। তৃতীয় তথা শেষ পর্যায়ৰ ট্রায়েলত ৮,০০০ স্বেচ্ছাসেৱকৰ ওপৰত এই প্রতিষেধক প্রয়োগ কৰা হৈ গৈছে। এই পৰিস্থিতিত কৰোনাৰ বিৰুদ্ধে দীর্ঘম্যাদী প্রতিৰোধ গঢ়িবলৈ সক্ষম তেওঁলোকৰ উৎপাদিত টীকা, এনেকুৱাই দাবী কৰিলে অক্সফোর্ডৰ প্রতিষেধক গবেষণাৰ প্রধান ডঃ ছাৰা গিলবাৰ্টে। ডঃ গিলবাৰ্টে কয়, কৰোনাৰ বিৰুদ্ধে প্রতিৰোধ গঢ়ি তুলিবলৈ সফল হৈছে এই টীকা। একাধিক পৰীক্ষাত তাৰ প্ৰমাণো পোৱা গৈছে। কেৱল সেয়াই নহয়, তেওঁলোকৰ তৈয়াৰী এই প্রতিষেধক কৰোনাৰ বিৰুদ্ধে বছৰ ধৰি প্রতিৰোধ গঢ়িবলৈ সক্ষম, দাবী গিলবার্টৰ। কিন্তু সকলোৰে পূৰ্বে প্রতিষেধকৰ সুৰক্ষাৰ বিষয়টিকেই জোৰ দি চাইছে অক্সফোর্ডৰ বিজ্ঞানীসকলে। এই ক্ষেত্রত কোনো ধৰণৰ হুৰমুৰ কৰিব বিচৰা নাই তেওঁলোকে।