আপাচি আৰু ছিনোক হেলিকপ্টাৰ চুক্তি মতেই ভাৰতীয় বায়ুসেনাৰ হাতত তুলি দিলে বিশ্বৰ সৰ্ববৃহৎ কোম্পানী বয়িঙে ৷ ২২খন আপাচি এএইচ–৬৪ই হেলিকপ্টাৰৰ শেষ পাঁচখন বায়ুসেনাৰ বিমান ঘাটি পালেহি৷ শুকুৰবাৰে এক বিবৃতিত বায়ুসেনাই এই কথা জনায়৷ এই বছৰৰ মাৰ্চৰ আৰম্ভণিতে ১৫খন চিএইচ–৪৭এফ (আই) ছিনোক হেলিকপ্টাৰৰ শেষৰ পাঁচখন দিয়া হৈছে বায়ুসেনাক ৷ এই ছিনুক হেলিকপ্টাৰ গধুৰ ওজন বহন কৰিবলৈ সক্ষম ৷ বয়িং প্ৰতিৰক্ষাৰ ভাৰতৰ এমডি সুৰেন্দ্ৰ আহুজাই কয়, ভাৰতৰ সৈতে বয়িঙৰ পার্টনাৰশ্বিপৰ কাৰণে এই হেলিকপ্টাৰবোৰ পঠোৱা হ’ল ৷
ইয়াৰ ফলত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হ’ব ৷ যি ১৭খন দেশে এই আপাচি হেলিকপ্টাৰ পাইছে তাৰ ভিতৰত ভাৰত অন্যতম ৷ এএইচ–৬৪ই আপাচি হেলিকপ্টাৰ আধুনিক সংযোগকাৰী ব্যৱস্থা, নেভিগেচন, চেঞ্চৰ আৰু অস্ত্ৰ ব্যৱস্থা আছে ৷ এই হেলিকপ্টাৰে দিনে নিশাই সকলো সময়তে লক্ষ্য সন্ধান কৰিব পাৰে আৰু ৰাতি পৰিষ্কাৰকৈ দেখিবলৈ পোৱাৰ ক্ষমতা আছে৷ ভূমি বা আকাশৰ পৰা যিকোনো ঠাই নিখুঁটকৈ লক্ষ্য সন্ধান কৰিব পাৰে ৷ আনহাতে চিএইচ–৪৭এফ(আই) ছিনুক হেলিকপ্টাৰত আছে আধুনিক মেছিন্ড এয়াৰফ্ৰেম, এটা কমন এভিউনিক্স আর্কিটেকচাৰ ছিষ্টেম, ডিজিটেল অটোমেটিক ফ্লাইট কণ্ট্ৰোল ছিষ্টেম৷ এই হেলিকপ্টাৰে ভাৰতীয় বায়ুসেনাৰ বল বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ৷