![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ সমান্তৰালকৈ এতিয়া বাঢ়িছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও। শুকুৰবাৰৰ দিনটোত নতুনকৈ ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এজনে। লোকজনৰ নাম হৰেশ্বৰ দাস। যোৱা ৭ জুলাইত আই আই টিৰ কভিড হাস্পতালত ভৰ্তি কৰা হৈছিল লোকজনক।
লোকজনৰ শৰীৰত নাছিল ক’ৰোণাৰ কোনো লক্ষণ। হঠাৎ মানুহজন ঢলি পৰে আৰু দ্ৰুতগতিত মানুহজনৰ অক্সিজেনৰ স্তৰ নিম্নগামী হয়। লোকজন কোনো অন্য ৰোগতো আক্ৰান্ত নাছিল। এনেদৰে মৃত্যু হোৱা ক’ৰোণা ৰোগী হৰেশ্বৰ দাসেই প্ৰথম।
ইফালে শুকুৰবাৰৰ দিনটোত এই মুহূৰ্তলৈকে ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে ৫ জনে। মৃত্যুক সাৱটি লোৱা ৰোগী কেইজন ক্ৰমে, ৰাখেল দেৱ (৪২ বছৰ), ৰমেশ কায়স্থ(৬৮ বছৰ), সুখমে ভৌমিক(৭২ বছৰ), আৰাচিদ’নিক বৰুৱা শইকীয়া(৭০) বছৰ। ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে।













