![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অখিল গগৈৰ দেহত ধৰা পৰিল ক’ৰোণাৰ অৱস্থিতি। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈ। কৃষক নেতাগৰাকীৰ দেহত ক’ৰোণা ভাইৰাছৰ সকলোবোৰ লক্ষণে দেখা দিছিল। বৃহস্পতিবাৰে ৰিপৰ্ট অহাৰ পিছতে অখিল গগৈৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰে। সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে আছে অখিল গগৈ। কেইদিনমানৰ পৰা ক’ৰোণাৰ লক্ষণে দেখা দিয়াৰ পিছত অখিল গগৈৰ কোনো ধৰণৰ চিকিত্সাৰ ব্যৱস্থা কৰা নাছিল কাৰাগাৰ কৰ্তৃপক্ষ ।
ইফালে বুধবাৰে নিশা অখিল গগৈৰ সহযোগী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ ক’ৰোণা পৰীক্ষাৰ ফলাফলো পজিটিভ আহে। তাৰ পিছতে দুয়োজনক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। তাত আসন নথকাত সোণাপুৰ কোভিড হাস্পতাললৈ নিয়া হয়।তাতো অসম নথকাত পাণবজাৰৰ এটা অস্থায়ী কোভিড–১৯ কেন্দ্ৰত ৰখা হৈছে।
বিতু সোণোৱাল সৰুৰে পৰা হাপানী ৰোগতো আক্ৰান্ত। উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ পিছৰে পৰা প্ৰায় ২০০ দিনৰো অধিক দিন কাৰাৰুদ্ধ হৈ আছে অখিল গগৈৰ লগতে কেইবাজনো সতীৰ্থ।












