![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৬৯৬গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।বৰ্তমানে এক ভয়ংকৰ গতি ধাৰণ কৰিছে গুৱাহাটী মহানগৰী। যোৱা ২৪ ঘন্টাত ৪২৩ গৰাকী গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৷ আনহাতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪,০৩২ লৈ বৃদ্ধি পায়। মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত সম্প্ৰতি ৫২৮১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৮৭২৬ গৰাকী।ইফালে, ৰাজ্যত ২২জনলৈ বৃদ্ধি পালে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।












