
কামৰূপ(ম) জিলাত ক’ৰনা ভয়ংকৰ গণ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা হোৱা লকডাউন বাবে জিলাতখনত গ্ৰছাৰী দোকানৰ বাহিৰে বন্ধ হৈ আছে সকলো দোকান-বজাৰ। লকডাউনৰ এই সময়ত মহানগৰীৰ জনতাৰ সুবিধাৰ্থে ১৩৩ টা স্থানত পাছলি যোগান ধৰিব জিলা প্ৰশাসনে।আজিৰ পৰা জিলাখনৰ ১৩৩ টা স্থানত বিক্ৰী হব ২৬ বিধ শাক-পাচলি।
জনতাৰ সুবিধাৰ বাবে পাচলি বিক্ৰীৰ মূল্য প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে।প্ৰশাসনে বান্ধি দিয়া মূল্যতে বিক্ৰী কৰা হ’ব শাক-পাচলি।
প্ৰশাসনৰ ফালৰ পৰা বান্ধি দিয়া প্ৰতি কেজি অনুসৰি মূল্য তালিকাখন হৈছে – জিকা ৪৫ টকা, জালি কোমোৰা ৪০ টকা, পটল ৪০ টকা, লেচেৰা ৪৫ টকা, তিতা কেৰেলা ৪৫ টকা, ৰঙালাও ২৫ টকা, ভেণ্ডি ৪০ টকা, বন্ধাকবি ৩৫ টকা, মূলা ৪০ টকা, কেঁচা জলকীয়া ৬৫ টকা, গাজৰ ৯৫ টকা, ফ্ৰেঞ্ছবীন ৯৫ টকা, ভোল ৩৫টকা, তিয়হ ৩৫ টকা, পানী লাও ৪০ টকা, মটৰ ৯০ টকা নেমু ৫ টকা , বেঙেনা ৪৫ টকা, ভাত কেৰেলা ৫০ টকা, ধনীয়া ৫ টকা ( প্ৰতি মুঠি ), কেপচিকাম ৯০ টকা, ওলকবি ৪৫ টকা, আলু ৩০ টকা , বিলাহী ৫৫ টকা,কচু ৪০ টকা, ধুন্দুলী ৩০ টকা।












