![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ৪৪৯ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ ৪৪৯ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷ বৰ্তমানে ৰাজ্যত ক’ৰোণা মুক্তৰ সংখ্যা মুঠ ৭৮৮২ গৰাকীলৈ বৃদ্ধি পালে। টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ৩৮৩৭ গৰাকী আৰু ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১৪ গৰাকীৰ।
ৰাজ্যত ক’ৰ’ণা মুক্ত হৈছে ১৮৪ জন। ৰাজ্যত ক’ৰ’ণা মুক্তৰ সংখ্যা বৰ্তমান মুঠ ৫৮৩১ গৰাকী। ক’ৰ’ণা মুক্তৰ সংখ্যা বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকী।টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ২৭০১ গৰাকী আৰু ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১২ গৰাকীৰ।












