![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৭৩৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ৫৫২ গৰাকী গুৱাহাটী মহানগৰীত যোৱা ২৪ ঘন্টাত চিনাক্ত হৈছে ৷ আনহাতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ১১,৭৩৬ লৈ বৃদ্ধি পায়। মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সম্প্ৰতি ৰাজ্যত ৪২৮৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৪৩৩ জন।উল্লেখ্য যে বিয়োগ হোৱা লোকৰ সংখ্যাও ১৪ গৰাকী ৷












