বিশেষ প্ৰতিবেদন:
প্রকৃতিয়ে আমাক খাই জীয়াই থকাৰ বাবে সকলো দিছে। সমগ্ৰ পৃথিবীতে শাক-পাচলি আৰু সকলো ধৰণৰ শস্য উৎপাদন হয়। আৰু আমাৰ বাবে প্রকৃতিৰ সকলোতকৈ ডাঙৰ উপহাৰ হ’ল ফল। ফল সকলোৰে বাবে খুবেই উপকাৰী। সকলো বয়সৰ মানুহে দৈনিক এটিকৈ ফল খোৱা উচিত। কিন্তু এনে কিছু ফল আছে, যি বিশেষ কিছু ৰোগ থাকিলে খোৱা উচিত নহয়।
কোনো ৰোগ হ’লে ডাক্তৰে তেওঁক সুস্থ কৰি তোলাৰ বাবে ফল খোৱাৰ পৰামর্শ দিয়ে। কিন্তু ডালিম বা বেদানা খোৱাটো সকলোৰে বাবে উপকাৰী নহয়। বেদানা দেখিবলৈ যেনে সুন্দৰ, তেনেদৰে খাবলৈও খুব সুস্বাদু হয়। বেদানাৰ ৰস শৰীৰৰ পক্ষে খুব উপকাৰী।
বেদানাৰ ৰসে শৰীৰক সতেজ কৰি তোলে। সেয়ে বহুতে তেওঁলোকৰ প্রতিদিনৰ খাদ্য তালিকাত বেদানা ৰাখে। কিন্তু কেতিয়াবা কেতিয়াবা কাৰো কাৰো ক্ষেত্রত বেদানা মাৰাত্মক হ’ব পাৰে সেইটো জানেনে? আনকি প্ৰাণ পর্যন্ত যাব পাৰে।
আজি এনে চাৰি প্ৰকাৰ এনে ব্যক্তিৰ কথা ক’ব ওলাইছোঁ যাৰবাবে বেদানা মৃত্যুৰ কাৰণ হ’ব পাৰে। আহক জানি লওঁ বেদানা কোনে খোৱা উচিত নহয়…
১। কম ৰক্তচাপৰ লোকে বেদানা খোৱা একদম উচিত নহয়। আজিকালি উচ্চ ৰক্তচাপ বেছিভাগ মানুহৰে থাকে। তেওঁলোকৰ বাবে বেদানা এটি আশীর্বাদ। বেদানা সেৱনত উচ্চ ৰক্তচাপৰ সকলো সমস্যা কমি যায়। আপোনাৰ যদি কম ৰক্তচাপৰ দৰে সমস্যা থাকে তেনেহ’লে আপোনাৰ বাবে বেদানা মাৰাত্মক ক্ষতিকাৰক। কাৰণ তাৰ ফলত ৰক্তচাপ আৰু কমি যাব পাৰে। তাৰ ফলত প্ৰাণনাশ হ’ব পাৰে।
২। মানসিক ৰোগত আক্রান্ত যিসকল ৰোগী, যিয়ে নিয়মিত মানসিক ৰোগৰ বাবে ঔষুধ খায় তেওঁলোকৰ বাবে বেদানা প্রায় বিষৰ সমান।
৩। চর্দি-কাহত বেদানা খালে শৰীৰৰ আৰু ক্ষতি হয়। বেদানা সাধাৰণতে ঠাণ্ডা ফল। সেয়ে সাধাৰণতে গৰমকালতেই এই ফল খোৱা হয়। যাৰ চর্দি-কাহ বা ঠাণ্ডা লগা ভাব আছে তেওঁলোকে বেদানা খোৱা উচিত নহয়। ইয়াৰ ফলত আৰু ঠাণ্ডা লাগিব পাৰে। তেওঁলোকে বেদানাৰ পৰিবর্তে গৰম কিবা খোৱা উচিত।
৪। এলার্জিত বেদানা খোৱা ক্ষতিকৰ। এনেকুৱা বহু লোক আছে যাৰ ধূলি, বালি আদিত এলার্জি আছে, তেওঁলোকৰ পক্ষে বেদানা খোৱা খুব ক্ষতিকৰ।
বেদানাত এনে কিছু উপাদান আছে যি এলার্জিত সমস্যাক বঢ়াই তোলে। সেয়ে আপোনালোকৰ মাজত যদি এই ধৰণৰ কোনো সমস্যা থাকে তেনেহ’লে এই বেদানাৰ পৰা দূৰত থাকক।