ASSAM TIMES POST
নিউজ ডেক্স:
অসমত পুনৰ ৩৬৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ১৩৪ গৰাকী গুৱাহাটী মহানগৰীত যোৱা ২৪ ঘন্টাত চিনাক্ত হৈছে ৷ আনহাতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৯৭৯৯ লৈ বৃদ্ধি পায়। মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত সম্প্ৰতি ৩৪৫৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬৩২৭ জন।উল্লেখ্য যে বিয়োগ হোৱা লোকৰ সংখ্যাও ১৪ গৰাকী ৷












