ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
মাত্ৰ ২ মিনিট সময় মাছাজ কৰিয়ে কমাব পাৰিব পেটৰ চৰ্বি। তাৰবাবে মানি চলক তলৰ নিয়মসমূহ :

১. মাটিৰ ওপৰত বা বিছনাৰ ওপৰত চিৎ হৈ শুই দিয়ক। চেষ্টা কৰিব যাতে নৰম গাদীৰ ওপৰত নুশুৱে।
২. দুই হাতৰ তলুৱা পৰস্পৰৰ সৈতে ঘঁহি থাকক যেতিয়ালৈকে হাতৰ তলুৱা দুখন গৰম হৈ নুঠে।
৩. পেটটো উন্মুক্ত কৰক, অর্থাৎ পেটৰ ওপৰৰ কাপোৰ আঁতৰাই দিয়ক।
৪. এখন হাতৰ তলুৱা ৰাখক নাভিৰ ওপৰত। খেয়াল ৰাখিব, হাতৰ আঙুলি যেন ভাঁজ লাগি নাযায়।
৫. নাভিক কেন্দ্র কৰি বৃত্তাকাৰে হাতখন পেটৰ ওপৰত বুলাই থাকক। প্রথমে সৰু বৃত্তৰ আকাৰত, তাৰ পিছত লাহে লাহে বৃত্তৰ পৰিধিটো ডাঙৰ কৰি গৈ থাকক। হাত বুলোৱাৰ সময়ত পেটৰ ওপৰত হাতৰ সহায়ত মৃদু চাপ বজায় ৰাখিব।










