ASSAM TIMES POST
নিউজ ডেস্ক:
ওৰে নিশা বৰষুণৰ ফলত পাহাৰৰ পৰা মাটি খহাৰ শব্দ শুনিছিল জীয়াৰীয়ে। সেয়ে ওপৰত থকা পিতৃ-মাতৃক সতর্ক কৰিবলৈ টোপনিৰ চকুৰেই বিছনা এৰি উঠি আহে। ঠিক তেতিয়াই হুৰমুৰাই সন্মুখৰ পাহাৰৰ অংশ গছসহ বাগৰি পৰে ২১ বছৰীয়া প্রিয়ঙ্কা বড়োৰ ওপৰত। প্রায় ৪৫ মিনিটৰ চেষ্টাত মাটি আৰু গছ আঁতৰাই যেতিয়া বাহিৰ কৰা হ’ল, প্রতিভাবান নৃত্যশিল্পী প্রিয়ঙ্কা তেতিয়া নিথৰ।
টিনৰ চাল আৰু তৰ্জাৰ ঘৰৰ পৰা প্রথমবাৰ বিদেশলৈ নাচিবলৈ যাবৰ বাবে সাজু হৈছিল তেওঁ। এয়া হ’ল গুৱাহাটীৰ হিড়িম্বাপুৰৰ ঘটনা। গণতন্ত্র দিৱসত প্রধানমন্ত্রীৰ সন্মুখত নৃত্য প্রদর্শন কৰা প্রিয়ঙ্কাৰ লণ্ডনলৈ যোৱাৰ কথা আছিল। মেট্রিকত নৃত্য আৰু সঙ্গীত বিষয়ত ৰাজ্যৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰিছিল প্রিয়ঙ্কাই।













