ASSAM TIMES POST
অসমত পুনৰ ৩২৭ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ১৯৫ গৰাকী গুৱাহাটী চিটিৰ৷ আনহাতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৪৯২ লৈ বৃদ্ধি পায়।মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান ৰাজ্যত ২৩৯০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৫০৮৮ গৰাকীয়ে।












