ASSAM TIMES POST
অসমত ক’ৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পুনৰ লকডাউন দিয়া হৈছে ৷ এনে সময়তে গুৱাহাটীৰ খানাপাৰাৰ এখন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু লৈছে৷ হেমাংগ মজুমদাৰ নামৰ লোকজনৰ মৃত্যুৰ খবৰ টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৪৫ বছৰ বয়সৰ এই লোকজন গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত মৃত্যু হয় ৷ এই লোকজনক লৈ ৰাজ্যখনত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিত্সকৰ প্ৰচেষ্টাৰ পিছতো অৱশেষত মৃত্যুক আঁকোৱালি লয় লোকজনে।












