ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
“ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ বাবে এইটোৱে শেষ সুবিধা৷ ইয়াৰ পিছত আৰু সুবিধা নাপাব অসমৰ মানুহে”৷ এনেদৰে শনিবাৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্য সচিব কৃষ্ণই কয়, “আজিৰ দিনত সাত হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷
গুৱাহাটীত এই হাৰ অতি বেছি৷ সেয়ে আমি লকডাউন দিবলগীয়া হ’ল৷ এতিয়া যদি লকডাউন নামানে, তেন্তে ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ আৰু সুবিধা নাপাব ৰাইজে৷ সেয়ে ৰাইজক অনুৰোধ কৰিছো, যাতে লকডাউন কঠোৰভাৱে পালন কৰে৷”
ইয়াৰ লগতে মুখ্য সচিবে কয়, “সান্ধ্য আইন সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে প্ৰযোজ্য হ’ব৷ এয়া অনিৰ্দিষ্ট কালৰ বাবে থাকিব৷ লকডাউন কঠোৰভাৱে বলবৎ কৰিবলৈ আমি সকলো জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক নিৰ্দেশনা দিছো”
বুলি কয় মুখ্য সচিবে৷ আনহাতে লকডাউনৰ পূৰ্বে সা-সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্য সচিবে কয়, “দাম যাতে ব্যৱসায়ীয়ে বঢ়াব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে৷ লগতে লকডাউনৰ সময়ত শ্ৰমিকসকলে যাতে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷”












