ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য স্বাস্থ্য বিভাগে কামৰূপ মহানগৰ জিলাত দেওবাৰ পৰা লকডাউন হব বুলি ঘোষণা কৰা পাছতে গুৱাহাটীৰ বজাৰত আকাশলংঘী হল সামগ্ৰীৰ দাম।ঘোষণা আগমুহুতত অৰ্থাৎ ১২.৩০ বজা পূৰ্বে ৪০ টকা মূল্যত বিক্ৰী হৈ থকা ইচস্কোৱাচ প্ৰতি কেজি মূল্য হলগৈ ৮০-১০০টকা।গুৱাহাটী উজান বজাৰত ভোল, জিকা, পটল, তিতা কেৰেলা, ভেন্দী, বিলাহী দাম উঠিল ৮০-৯০টকা। নিৰ্বিকাৰ যোগান আৰু কৃষি বিভাগ।
তাপৰ্যপূৰ্ণ কথা এই যে লকডাউন ঘোষণা হোৱা পূৰ্বে উজানবজাৰত এই পাচলি সমূহৰ মূল্য ৪০-৬০ টকা আছিল।কিন্তু স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মা লকডাউন ঘোষণা শুনা লগে লগে একে খিনি পাচলিৰে মূল্য বাঢ়িল ৪০-৫০ টকা পয্যন্ত।
উল্লেখ যে লকডাউনৰ সময়ত গ্ৰছাৰী, শাক-পাচলি, গাখীৰ সকলো সেৱা বন্ধ থাকিব।ফলত মহানগৰী জনতাই ১৪ দিন লকডাউনত খোৱা সামগ্ৰী ক্ৰয় কৰা বাবে বজাৰ-দোকানসমূহত সকলোতে ভীৰ কৰা পৰিলক্ষিত হৈছে।
আনহাতে লকডাউনৰ সুযোগ লৈ কেৱল যে পাচলি বজাৰতে মূল্য বৃদ্ধি হৈছে এনে নহয়।বৃদ্ধি হৈছে আলু-পিয়াঁজ পৰা আদি কৰি গ্ৰছাৰী সামগ্রী দামো।ইফালে মহানগৰীত লকডাউনৰ ঘোষণা পিছতে ৰাইজে দলে-বলে ওলাই আহি বজাৰ তথা দোকান সমূহত ভীৰ কৰা পৰিৱেশ দেখি একাংশ সচেতন ৰাইজে আশংকা কৰিছে আজি পৰিৱেশৰ পৰা আৰু বৃদ্ধি হ’ব গুৱাহাটীত গণ সংক্ৰমন।












