ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
কামৰূপ মহানগৰ জিলাত লকডাউন হৈ থকা ১১টা ৱাৰ্ডৰ বাসিন্দালৈ গুৰুত্বপূৰ্ণ সকাহ জিলা প্ৰশাসনৰ।দেওবাৰ মাজনিশা পৰা সমগ্ৰ মহানগৰ জিলাতে হব লগা কঠোৰ লকডাউনৰ বাবে বৰ্তমান লকডাউন হৈ থকা থকা ১১টা ৱাৰ্ডৰ বাসিন্দাই শনিবাৰ আৰু দেওবাৰে ওলাই আহিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা বাবে।ৰাজ্য মুখ্য সচিবে কামৰূপ মহানগৰ জিলা প্ৰশাসনক এই কথা অৱগত কৰিছে।
লকডাউন হৈ থকা ৱাৰ্ড সমূহৰ জনতাই পুৱা ৮ বজা পৰা আবেলি ৪ বজালৈ ওচৰৰ দোকান সমূহৰ পৰা ক্ৰয় কৰিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰী।নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি ৱাৰ্ডত ভিতৰৰ পৰা ওলাই আহিব নোৱাৰিব।তাতে ক্ৰয় কৰিব লাগিব নিদিষ্ট সময়ৰ ভিতৰত সামগ্ৰী সমূহ।
উল্লেখ যে গুৱাহাটী মহানগৰীত ক’ৰনা ভয়ংকৰ গণ সংক্ৰমণ ধৰা পৰাৰ পিছতে অহা দেওবাৰ মাজনিশা পৰা ১২ জুলাইলৈ মুঠ ১৪ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন।ৰাজ্য স্বাস্থ্য বিভাগে ঘোষণা কৰা অনুসৰি লকডাউন সময়ত পূর্ব দৰে খোলা নাথাকিব গ্ৰছাৰী, ফাৰ্মাচী, শাক-পাচলি, গাখীৰ, মাছ-মাংস।
পূৰ্ণ পৰ্যায়ত বন্ধ হব গুৱাহাটী।যাৰ বাবে কোৱা হৈছে ১৪ দিনৰ বাবে গুৱাহাটী জনতাই প্রয়োজনীয় সামগ্ৰী ক্ৰয় কৰি লব লাগে।সামগ্ৰী ক্ৰয় কৰা বাবে বৰ্তমান লকডাউন হৈ থকা ৱাৰ্ড সমূহৰ জনতাক দুটা দিন মুকলি কৰি দিছে প্ৰশাসনে।












