ASSAM TIMES POST
অসম পৰিৱৰ্তন হৈছে ক’ৰোনা বিকাশ।গুৱাহাটী মহানগৰীত অধিক লোকৰ মাজলৈ ক’ৰোনা বিয়পি গৈছে- ভয়ংকৰ বাৰ্তা দিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটী মহানগৰীত অধিকাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে সামাজিক দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যালয়ত উল্লেখ কৰি মন্ত্ৰী শৰ্মা কয় “১০% লোকেও মাস্ক, সামাজিক দূৰত্ব, মানি চলা নাই।গুৱাহাটী পৰিৱেশ দেশৰ অন্য কোনো নগৰত হোৱা নাই”।
গুৱাহাটীত ক’ৰোনা দ্ৰুত বৃদ্ধি দিশটোলৈ লক্ষ্য কৰি মন্ত্ৰী শৰ্মাই কয় “চাৰি দিনত ক’ৰোনা আক্রান্তই মহানগৰী চিকিৎসালয় বেদ ক’ৰোনা আক্রান্তই পৰিপূৰ্ণ হব।মৰিগাঁও, নগাঁও, তেজপুৰ আদি লৈ গুৱাহাটী পৰা ৰোগী আমি লৈ যাব লাগিব”।
গুৱাহাটীত এই পৰিৱেশ থাকিলে ক’ৰোনা ৰোগী মৃত্যু সংখ্যা বৃদ্ধি পাব-মন্ত্ৰী শৰ্মা কয়। দেওবাৰ মাজ নিশা পৰা আৰম্ভ হব লগা ১৪ দিনৰ লকডাউন প্ৰথম সাত দিন অতি কঠোৰ হব।অহা শুকুৰবাৰে পুনৰ পৰিৱেশ পৰ্যালোচনা কৰি গ্ৰছাৰী, শাক-পাচলি খোলা সন্দৰ্ভত সিদ্ধান্ত লব।আজি ৰাতি ৭ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্ফিউ অধিক কঠোৰ ভাৱে প্ৰয়োগ হব”।












