ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনাত আক্ৰান্ত ওদালগুৰি জিলা উপায়ুক্ত। উপায়ুক্তৰ চৰকাৰী আৱাসটো কণ্টেইনমেণ্ট জ’ন ঘোষণা স্বাস্থ্য বিভাগৰ। আৱাসটোতে আছে উপায়ুক্তগৰাকীৰ পত্নীসহ পৰিয়াল। বৃহস্পতিবাৰে ক’ৰোনাৰ পৰীক্ষাৰ ফলাফলত পজিটিভ আহিছিল ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ ।
স্বাস্থ্য বেয়া বিভাগৰ নিশ্চয়তা অভিযানত নিজৰ স্বাৱ প্ৰদান কৰিছিল উপায়ুক্তগৰাকীয়ে।বিগত দেওবাৰৰ পৰাই হোম কোৱাৰেণ্টাইনত আছিল উপায়ুক্তগৰাকী।কোৱাৰেণ্টানৰত অৱস্থাত কিছু অসুস্থতা অনুভৱ কৰিছিল উপায়ুক্তগৰাকীয়ে। আক্ৰান্ত হোৱাৰ পাছতো শৰীৰত দেখা দিয়া নাই ক’ৰোনাৰ কোনো লক্ষণ। দুৰ্ভাগ্যবশতঃ স্বাৱ সংগ্ৰহৰ বাবে যোৱা দুই এনএইচএম কৰ্মচাৰী ইতিমধ্যে কো’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে স্বাৱ প্ৰদান কৰিছে যদিও আন একাংশৰ এতিয়াও স্বাৱ দিবলৈ বাকী আছে।বৰ্তমানলৈ কাৰ্যালয়টোৰ স্বাৱ প্ৰদান কৰা কৰ্মচাৰীসকলৰ ফলাফল অহা নাই।জিলা উপায়ুক্তগৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাত উপায়ুক্ত কাৰ্যালয়টোৰ একাংশ বিষয়াও শংকিত হৈ পৰিছে।
কোভিড-১৯ সন্দৰ্ভত সঘনে সভাত মিলিত হৈছিল জিলাখনৰ উচ্চপদস্থ বিষয়াসকল। বিগত ১৯ জুনত উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত ক’ভিড সম্বন্ধীয় এক সভাত উপায়ুক্তগৰাকীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী ৰিহন দৈমাৰীও।লগতে উপস্থিত আছিল জিলা আৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকল।ইতিমধ্যে জিলা উপায়ুক্তক জিএমচিএইচ লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।












