ASSAM TIMES POST
নিউজ ডেস্ক :
কোভিড ৰোগীসকলক দ্রুতভাৱে আৰোগ্য কৰি তুলিবলৈ সফল ‘ৰেমডেচিভিৰ’ৰ জেনেৰিক ঔষধ ‘কোভিফৰ’ বজাৰলৈ আহিল। হায়দৰাবাদৰ ঔষধ প্রস্তুতকাৰক কোম্পানী ‘হেটেৰো’ৱে উৎপাদন কৰা এই ঔষধ প্রাথমিক পর্যায়ত পঠিওৱা হৈছে মহাৰাষ্ট্র, দিল্লীসহ পাঁচখন ৰাজ্যৰ কোভিড ৰোগীসকলৰ চিকিৎসাত।
ৰেমডেচিভিৰৰ জেনেৰিক ঔষধ ভাৰতত প্ৰস্তুত আৰু বজাৰলৈ অনাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছে হেটেৰোৱে।প্রথম পর্যায়ত কোভিফৰৰ ২০ হাজাৰ চিচি মহাৰাষ্ট্র, দিল্লীৰ উপৰি পঠিওৱা হৈছে গুজৰাট, তামিলনাডু আৰু তেলঙ্গানালৈ।
হেটেৰোৱে জনোৱা মতে, প্রাথমিকভাবে ঔষধবিধৰ ১০০ মিলিগ্রামৰ চিচি বনোৱা হৈছে। যাৰ দাম পৰিব ৫ হাজাৰ ৪০০ টকা। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ অনুযায়ী, শিশু আৰু প্রবীণ কোভিড ৰোগীক প্রথম দিনা এই ঔষধ ২০০ মিলিগ্রামকৈ খুৱাব লাগিব। অৰ্থাৎ, দুই চিচি। তাৰ পিছত দ্বিতীয় দিনাৰ পৰা পাঁচ দিনলৈ দৈনিক ১০০ মিলিগ্রাম (এটি চিচি)কৈ ঔষধ খুৱাব লাগিব। এই নিয়ম শিশু আৰু প্রবীণ দুই ধৰণৰ কোভিড ৰোগীৰ ক্ষেত্রতেই প্রযোজ্য।
ফলত মুঠ ৬ দিনত ৰোগীসকলক কোভিফৰ খুৱাব লাগিব মুঠ ৭০০ মিলিগ্রামকৈ। ৬ দিনত ঔষধৰ বাবদ খৰচ পৰিব ৩৭ হাজাৰ ৮০০ টকা। ঔষধ কোম্পানীটোৰ সূত্র মতে, পৰবর্তী পর্যায়ত কোভিফৰ পঠিওৱা হ’ব কলকাতা, ইন্দোৰ, ভূপাল, পাটনা, ভূবনেশ্বৰ, ৰাচী, বিজয়ৱাড়া, কোচি, ত্রিবান্দ্রম, গোৱাৰ দৰে চহৰসমূহলৈ।