ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ন ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ পথ প্ৰদর্শন কৰা শিক্ষাগুৰু আৰু অভিভাৱক সকলকো ধন্যবাদ জনাই।“যিসকল শিক্ষাৰ্থীয়ে ঘোষিত পৰীক্ষাত সফলতা অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোক হতাশ নহৈ নতুন উদ্যম আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাব লাগে”- সোনোৱালে কয়।
ৰাজ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইও ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনাই সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি কয় “জীৱনৰ এক নতুন পৰ্যায়ত প্ৰৱেশৰ এই বিশেষ ক্ষণটিত তোমালোকলৈ অযুত শুভকামনা জ্ঞাপন কৰিছো। ভৱিষ্যৎ উজ্জ্বল হওক তোমালোকৰ”।ইফালে আশানুৰূপ ফলাফল দাঙি ধৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ সকলক উদ্দেশ্য কৰি শৰ্মাই কয় “তেওঁলোক কোনো কাৰণতে নিৰাশ হ’ব নহবা৷ নতুন উদ্যমেৰে আকৌ চেষ্টা কৰা, সফলতা আহিবই”।












