ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটীত দৃশ্যমান বছৰৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্য গ্ৰহণ।দিনৰ ১০.৫৭ বজা লগে লগে গুৱাহাটী আকাশত দৃশ্যমান হল সূৰ্য গ্ৰহণ।গুৱাহাটী তাৰকা গৃহত টেলিস্কোপ ব্যৱস্থাৰে পৰ্যবেক্ষণ কৰিব পৰা গৈছে সূৰ্যগ্ৰহণ।
সূৰ্যক চন্দ্ৰই ক্ৰমান্বয়ে গ্ৰাস কৰা পৰিলক্ষিত হৈছে।অৱশ্যে ক’ৰনা ভাইৰাছ বাবে সাধাৰণ ৰাইজৰ প্ৰৱেশ বন্ধ কৰি ৰখা হৈছে তাৰকাগৃহ ।ইফালে তাৰকাগৃহ বৈজ্ঞানিক সকলৰ মতে দিনৰ ১২.৩০বজাত চন্দ্ৰ গ্ৰাস কৰিব সূৰ্য।
অসমৰ আকাশত সূৰ্য তাপ ক্ৰম অনুসৰি হ্ৰাস পাব। ৰাইজে যাতে কোনো কাৰণত খালি চকুৰে প্ৰত্যক্ষ নকৰে সূৰ্য গ্ৰহণ এই আহ্বান তাৰকা গৃহ কটিপক্ষ।












