ASSAM TIMES POST
নিউজ ডেস্ক : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাত বলিউডৰ ৮জন তাৰকাক কাঠগড়াত তুলি আদালতত গোচৰ ৰুজু কৰিলে এগৰাকী অধিবক্তাই। আজি মুজফৰপুৰত এখন আদালতত বিহাৰৰ বাসিন্দা, অধিবক্তা সুধীৰ কুমাৰ ওঝাই এই গোচৰটো তৰা বুলি জানিব পৰা গৈছে। এই ৮জন তাৰকাৰ তালিকাত আছে প্রযোজক-পৰিচালক কৰণ জোহৰ, অভিনেতা চলমান খান, একতা কাপুৰ, পৰিচালক সঞ্জয় লীলা বানসালিৰ দৰে বলিউডৰ তাৰকাৰ নাম।
এওঁলোক প্রত্যেকৰে নামতেই ভাৰতীয় দণ্ডবিধিৰ ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে অধিবক্তাগৰাকীয়ে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাত গভীৰ ষড়যন্ত্রৰ তথ্য পোৱা বুলিও দাবী কৰিছে অধিবক্তাগৰাকীয়ে।
উল্লেখ্য যে এইসকল পৰিচালক তথা প্রযোজনা সংস্থাৰ ছবিত কাম কৰাৰ কথা থাকিলেও বিগত কেইবা মাহেও সাতখন ছবিৰ কাম হেৰুৱাইছে সুশান্তই। তাৰ বাবে অৱসাদত ভুগিছিল অভিনেতাগৰাকী। আৰু ঠিক এই কাৰণেতেই বলিউডৰ এই আঠগৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ তৰে অধিবক্তা সুধীৰ কুমাৰ ওঝাই।