ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীত কোনো ভ্ৰমণ বিতান্ত নথকা লোকৰ দেহত ক’ৰোণা ভাইৰাছ ধৰা পৰা পিছতে উদ্বিগ্ন হৈছে স্বাস্থ্য বিভাগ।অহা ১৫ দিনত মহানগৰীত প্ৰায় ৫০হাজাৰ ক’ৰনা পৰীক্ষাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি গুৱাহাটীত ক’ৰনা পৰীক্ষাৰ বাবে আজিৰ পৰা মুঠ ১২ স্থানত সংগ্ৰহ কৰা হব নমুনা।ইচ্ছা অনুসৰি সকলোৱে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা নমুনা সংগ্ৰহ শিবিৰত আহি কৰিব পাৰিব পৰীক্ষা।
নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল, ধীৰেণপাৰা এফ আৰ ইউ, পাণ্ডু এফ আৰ ইউ, উলুবাৰী নগৰীয়া চিকিৎসালয়, দিছপুৰ ডিছপেনচেৰী, বামুনীমৈদাম ৰাজ্যিক ডিছপেনছেৰী, খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী, ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী, লখৰা ৰাজ্যিক ডিছপেনছেৰী, শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী আৰু উদালবাক্ৰা মিনি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ।
পুৱা ৯ বজা পৰা মহানগৰবাসীয়ে এই স্থান সমূহত গৈ কৰাব পাৰিব পৰীক্ষা।গুৰুত্বপূৰ্ণ কথা এই যে যদি মহানগৰীত শিবিৰ সমূহত সংগ্ৰহ কৰা নমুনাত ক’ৰোণা ভাইৰাছ আক্রান্ত ধৰা পৰে তেন্তে পুনৰ গুৱাহাটীত হব লক’ডাউন।












