ASSAM TIMES POST
ছানিয়া মিৰ্জাৰ সৈতে টেনিছ খেলাৰ ইচ্ছা আছিল সুশান্ত সিং ৰাজপুটৰ৷ কিন্তু তাৰ আগেয়ে জীৱন যুদ্ধত হাৰি গ’ল অভিনেতাজন৷ ইচ্ছা পুৰণ নহ’ল সুশান্তৰ৷ এনেদৰে মৃত্যু হোৱাত অতি কষ্ট পাইছে ছানিয়াই৷ সুশান্তৰ মৃত্যুৰ সংবাদ পাই বিশ্বাস কৰা নাছিল টেনিছ সুন্দৰী ছানিয়াই৷ টুইটাৰত ছানিয়াই কয়, ‘সুশান্ত তুমিতো কৈছিলা এদিন মোৰ লগত টেনিছ খেলিবা৷ তুমি ইমান হাঁহিমুখীয়া, প্ৰাণৱন্ত আছিলা, য’ত সকলোকে সুখত ৰাখিব পাৰা৷ কাৰো বুজান নিদিলা, ইমান কষ্ট তোমাৰ৷ সমগ্ৰ বিশ্বই তোমাক মিছ কৰিব৷
এই লিখাৰ সময়ত মই কঁপি উঠিছো৷ হে বন্ধু ভালেৰে থাকা৷’ ধোনীৰ জীৱনভিত্তিক চিনেমাত অভিনয় কৰিছিল সুশান্তই৷ আইপিএলত ধোনীৰ মেচ চাবলৈ গেলেৰীত উপস্থিত হৈছিল৷ টেনিছ খেলাৰো ইচ্ছা আছিল৷ ভাবিছিল এদিন ছানিয়া মিৰ্জাৰ সৈতে টেনাছ খিলিব৷ কিন্তু সেই স্বপ্ন পূৰণ নহ’ল৷