ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
হঠাৎ আপোনাৰ জ্বৰ উঠিছে নেকি? কিম্বা চর্দি আৰু সৰু-সুৰা কাহ হৈছে নেকি? অথবা পূৰ্বৰ পৰাই শ্বাসকষ্ট আছিল, আৰু সেইটো এতিয়া বৃদ্ধি পাইছে? কিছু কিছু লক্ষণ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সৈতে মিলি গ’লে কেনেদৰে বুজিব যে, আপুনি প্ৰকৃততেই ক’ৰোনা ভাইৰাছ সংক্রমিত নে ! আপোনাৰ বতৰুৱা জ্বৰ অথবা সাধাৰণ চর্দি-কাহ হৈছে? নাইবা ক’ৰোনা সংক্রমণ প্রমাণিত হ’লে তেতিয়াই বা আপুনি কি কৰিব? হস্পিটেলৰ পৰা দূৰৈৰ কোনো স্থানত থাকিলে সেই সময় আপোনাৰ প্ৰকৃততে কৰণীয়ই বা কি? চিন্তিত হ’ব, নে যথাযথ জ্ঞান প্রয়োগ কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব?
জ্বৰ, চর্দি, কাহ হ’লে প্রথমেই আতঙ্কিত নহৈ সাবধানতা অবলম্বন কৰক। ক’ৰোনা ভাইৰাছ সংক্রমণৰ উপৰি ইনফ্লুয়েঞ্জা, টনচিলাইটিছ, ফেৰেঞ্জাইটিছ ইত্যাদি কাৰণতো জ্বৰ-চর্দি-কাহ দেখা দিব পাৰে। এজমা, ব্রঙ্কাইটিছ, হৃৎপিণ্ড বিকলৰ দৰে কাৰণতো শ্বাসকষ্টই দেখা দিব পাৰে। আনকি ক’ৰোনা ভাইৰাছ সংক্রমণ মানেই মৃত্যু অৱধাৰিত- বিষয়টো কিন্তু তেনেকুৱাও নহয়।
শতকৰা ৮০-৮৫ ভাগ ক্ষেত্রত ক’ৰোনা ভাইৰাছৰ মৃদু সংক্রমণ হয়, যিটো সহজতে ভালো হৈ যায়। প্রায় ১০-১৫% ক্ষেত্রত ই মজলীয়াৰ পৰা তীব্র আকাৰ ধাৰণ কৰিব পাৰে। এনে ক্ষেত্রত অক্সিজেন আৰু ভেন্টিলেটৰৰ প্রয়োজন হৈ থাকে। শুকান কাহ, জ্বৰ, হাঁচি, নাকেৰে চর্দি পৰা, ডিঙিত বিষ, ডায়েৰিয়া, মুখৰ স্বাদ নষ্ট হৈ যোৱা, গোন্ধ নোপোৱা, মূৰৰ বিষৰ দৰে উপসর্গসমূহ দেখা দিলে প্রথম কৰণীয় হ’ল পৃথক কৈ থাকিবলৈ আৰম্ভ কৰা। কাৰণ হ’ব পাৰে এইটো ক’ৰোনা নহয়।কিন্তু যদি ক’ৰোনা হয়, তেতিয়াহ’লে আপোনাৰ অজানিতেই হয়তো আপুনি আপোনাৰ প্রিয়জন-পৰিজনক সংক্রমিত কৰি পেলাব পাৰে।কিন্তু চিন্তাৰ কোনো কাৰণ নাই। বিশ্রাম লৈয়েই ৮০ শতাংশৰ অধিক লোক পৃথিবীজুৰি সুস্থ হৈ উঠিছে ক’ৰোনা ভাইৰাছৰ পৰা।
৮১ শতাংশ ক’ৰোনা ৰোগী ঘৰত থকাৰ ব্যৱস্থা লৈয়ে সুস্থ হ’ব পাৰে (চেন্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনছন-চিডিচি, ২০ মে’, ২০২০)। প্রথমতেই মনত ৰাখিব লাগিব ক’ৰোনা ভাইৰাছ সংক্রমণৰ কোনো সুনির্দিষ্ট চিকিৎসা এতিয়াও সৃষ্টি হোৱা নাই।