ASSAM TIMES POST
নিউজ ডেস্ক:
কোভিড-১৯ৰ ফলত দিয়া লকডাউন আৰু তাৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়াইছে বিশেষ ৰেহাইৰ সুবিধা। সেই অনুসৰি ২০২০-২১ শিক্ষাবর্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি মাচুল, পৰীক্ষা মাচুল, পৰীক্ষাগাৰৰ মাচুল, শিক্ষামূলক ভ্ৰমণ, পঞ্জীয়ন মাচুল আদি ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

এক জাননীযোগে শিক্ষানুষ্ঠানসমূহত এইবোৰ প্ৰযোজ্য কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। আনহাতে, এই নিৰ্দেশাৱলী সুকলমে কাৰ্যকৰীকৰণৰ অৰ্থে ৰাজ্যৰ মুখ্য সচিব, শিক্ষা বিভাগ আৰু অধ্যক্ষসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হ’ব বুলিও জাননীখনত কোৱা হৈছে।
আনহাতে, ২০২০-২১ শিক্ষা বর্ষৰ বাবে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ, চৰকাৰী কলেজ আৰু কাৰিকৰী প্ৰতিষ্ঠানসমূহত সকলো ধৰণৰ নামভৰ্তি কেৱল অনলাইন মাধ্যমত কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো যাৱতীয় নথি স্কেনিং কৰি সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানৰ ৱেবচাইটত আপলোড কৰিব লাগিব।












