ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোভিড আক্ৰান্ত ৰোগীক চিকিৎসাত গাফিলতিৰ বাবে কঠোৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তৎকালীনভাৱে সলনি কৰা হ’ল অধ্যক্ষ আৰু অধীক্ষকক। অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ স্থানত নতুন অধীক্ষকৰ দায়িত্ব দিয়া হৈছে ডাঃ অভিজিত শৰ্মাক।
আনহাতে, অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ডাঃ অচ্যুত শৰ্মাক। লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত তৎকালে কাৰ্য্যকৰী হোৱাকৈ মেডিচিন বিভাগৰ মুৰব্বী ডাঃ ধীৰাজ দাসক নিলম্বনৰ নিৰ্দেশ দিয়ে স্বাস্থ্য মন্ত্ৰীয়ে।












