ASSAM TIMES POST
ডিফু : কালিৰে পৰা ডিফুত সৃষ্টি হয় এক অভাৱনীয় ঘটনা। এফালে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰত ৰাইজৰ বাধা, আনফালে আৰক্ষী অধীক্ষকৰ মানৱীয় মূল্যবোধৰ উৎকৃষ্ট নিদৰ্শন। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ দাঙিবলৈ স্থানীয় কোনো লোক আগবাঢ়ি নহাৰ বিপৰীতে আৰক্ষী অধীক্ষকে নিজহাতে মৃতদেহ ডাঙি দেখুৱালে দায়িত্ববোধ আৰু মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন।
উল্লেখযোগ্য যে কালি ডিফুত কৰোনা আক্ৰান্ত অসমৰ পঞ্চমজন লোকৰ মৃত্যু হয়। চেন্নাইৰ ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মে’ত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেন্টাইনত আছিল। কোৱাৰেন্টাইনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নেগেটিভ ওলোৱাৰ লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমান পূৰ্বে কঠোৰভাবে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় ।
কিন্তু দেউবাৰে দুপৰীয়া কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত ক’ভিড ১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াইছিল আৰু কালি সেই স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷ ইয়াৰ পিছতে সৃষ্টি হয় অথন্তৰ। কিয়নো মৃতদেহ সৎকাৰক লৈ সৃষ্টি হয় অচলাৱস্থা। আনকি মৰ্গৰ পৰা মৃতদেহ আনি গাড়ীত উঠাবলৈও নাছিল কোনো লোক। মৰ্গৰ দায়িত্বত থকা লোক আনকি চাফাই কৰ্মীয়েও মৃতদেহটো চুবলৈ অস্বীকাৰ কৰে।
ফলত উপায়ন্তৰ হৈ আগবাঢ়ি আহে ডিফুৰ আৰক্ষী অধীক্ষক নিজে। আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে PPE কিট পিন্ধি নিজৰ দেহৰক্ষীৰ সহযোগত কেৰিং ভানত তোলে মৃতদেহটো। কিন্তু ইয়াৰ পিছতো সমস্যা সমাধান নহয়। সোমবাৰে ওৰে নিশা প্ৰশাসনে চেষ্টা কৰাৰ পিছতো স্থানীয় ৰাইজৰ বাধাৰ বাবে মৃতদেহটো ক’তো সৎকাৰ কৰিব নোৱাৰিলে প্ৰশাসনে। আঠ কিলো, পানবাৰী, চৰচৰি, দলদলি আদি ঠাইত স্থানীয় লোকে তীব্ৰ বাধা দিয়ে মৃতদেহ সৎকাৰত।
আনকি গছ বগৰাই আৰক্ষী-প্ৰশাসনৰ লোকক বাধা দিবলৈ পথ বন্ধ কৰি ৰাখে। শেষত আজি চূণপোৰা ৰাজহুৱা শ্মশানতে মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হয়। স্থানীয় লোকৰ এনে অমানৱীয় কাৰ্যই এতিয়া সকলোকে ব্যথিত কৰি তুলিছে। এই ঘটনাক এতিয়া সৰ্বত্ৰে ধিক্কাৰ দিছে। ইয়াৰ বিপৰীতে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ কৰ্তব্যবোধ আৰু মানৱীয় প্ৰমূল্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। এনেধৰণৰ দায়িত্বশীল আৰু মানৱতাবাদী লোক থকা বাবেই সমাজখন বাচি আছে বুলি সকলোৱে আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ শলাগ লৈছে।













