ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।লকডাউনৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথমবর্ষ, স্নাতক আৰু স্নাতকোত্তত নতুনকৈ নামভৰ্তি কৰিব লগা ছাত্ৰ-ছাত্ৰীৰ সকলক সহায় কৰা বাবে মুকলি কৰিছে “নামভৰ্তি হেল্প ডেক্স”।

উল্লেখ যে লকডাউনৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয় খনত নামভৰ্তি কৰাত সন্মুখীন হ’ব পৰা প্ৰতিটো সমস্যা সমাধান কৰাৰ বাবে আছু গোটে মুকলি কৰিছে এই হেল্প ডেক্স।
গুৰুত্বপূৰ্ণ কথা এই যে চলিত বর্ষত ক’ৰোণাৰ ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ন অনলাইন পদ্ধতিত হব নামভৰ্তি।ফলত বহুত ছাত্ৰ-ছাত্ৰী সন্মুখীন হব পাৰে নানা সমস্যা।সেই কথা প্ৰতি লক্ষ্য ৰাখি আছু গোটে মুকলি কৰিছে বিশেষ ফোন নম্বৰসহ ‘হেল্প ডেক্স’।
বিশ্ববিদ্যালয়ৰ আছু গোটৰ পৰা প্ৰকাশ কৰা অনুসৰি “বিভিন্ন শাখা বা বিভাগৰ যোৱা বর্ষ কাট্-অফ মাৰ্কচৰ লগতে নামভৰ্তিৰ লগত জড়িত থকা যিকোনো ধৰণৰ খুটি-নাটি দূৰ কৰিবলৈ ‘হেপ্ল ডেক্স’ৰ সৈতে যোগাযোগ কৰিব পাৰে”।












