ASSAM TIMES POST
ডিফুৰ ৮ কিল’ত সৎকাৰ কৰা হব ক’ভিড ১৯ত মৃত্যু হোৱা বকলীয়াঘাটৰ অৰুণ কাকতিক
ডিফুৰ পৰা ছাইদুল ইছলাম
অসমত কাল কৰোণাই ল’লে আন এজনৰ প্ৰাণ ৷ ইয়াকে লৈ অসমত কভিড ১৯ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে ৷ প্ৰাপ্ত খবৰ সুদুৰ চেন্নাইৰ ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মেত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেন্টাইনত আছিল ।
উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই কোৱাৰেণ্টীনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নেগেটিভ ওলোৱাত লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমানৰ পূৰ্বে কঠোৰ ভাবে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় । কিন্ত্ু আচৰ্যজনক ভাবে দেউবাৰে দুপৰীয়াৰ ভাগত হ’ম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত ক’ভিড ১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াইছিল আৰু কালি সেই স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷ তেওঁৰ মৃত্যুৰ কাৰণ পুণৰ নিশ্চ্ত হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই পুণৰ তেওঁৰ স্বাৱ গ্ৰহণ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছ বুলি জানিব পৰা গৈছে ৷
জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি মৃত অৰুণ কাকতীৰ মৃতদেহ সম্পূৰ্ণ ক’ভিড ১৯ৰ নীতি- নিৰ্দেশনা অনুসৰি ডিফু-লামডিং পথৰ ৮ কিল’ নামৰ ঠাইত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে দিয়া ভূমিত সৎকাৰ কৰা হ’ব লগতে অৰুণ কাকতীৰ বাসগৃহৰ চূণপুৰাত কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে বুলি জনাইছে ৷ এইলৈ জিলাখনৰ ৰাইজক আতংকিত নহৈ সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই।













