ASSAM TIMES POST
ডিফু : কাৰ্বি আংলং জিলাত সৰ্বাধিক আজিৰ দিনটোত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে ৷ অৱশ্যে এইসকল বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টিত কেন্দ্ৰত আছিল ৷ বকলীয়াঘাট আদৰ্শ ছোৱালী হাইস্কুলৰ হোষ্টেলত থকা কোৱাৰেণ্টীন কেন্দ্ৰত সৰ্বাধিক ১৪ গৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে ৷
তেওঁলোক হ’ল হাইদৰাবাদৰ পৰা অহা ফংলকপেতৰ ৰোহিত ৰংহাঙ, উদালীৰ দীপমনি কোচ, ডকমকাৰ ৰামানুচ চাংমা, হাওৰাঘাটৰ ভাৰত ইংতি, দিলীপ কিলিং, লিবচন কিলিং, কৃষ্ণ টেৰণ, বাবুছিং ইংতি, ফুলনিৰ লংচিৰি টেৰণ, ছামেলাংচৰ ৰাজেশ ফাংচ’, কোচবিহাৰৰ পৰা অহা বকলীয়াঘাটৰ কান্তিলাল দাস, বেংগালৰুৰ পৰা অহা হাওৰাঘাট জালজুৰিৰ কিৰণ দৈমাৰী, প্ৰশান্ত বাগলাৰী, ফুলনিৰ চাৰলংকি ইংতি, কৰ্ণাটকৰ পৰা অহা লাংহিনৰ জীৱন ৰয় ৷
ডিফুৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৱৰ্কশ্বপত থকা কোৱাৰেণ্টিন কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা ৫ গৰাকী যুৱকৰ দেহত ক’ভিড ১৯ পজিটিভ পোৱা গৈছে ৷ তেওঁলোক হ’ল দিল্লী গুড়গাঁৱৰ পৰা অহা ডিফুৰ ডমিনছন গুইটে, মাঞ্জাৰ লেমিনন ছিংছিং, আগৰতলাৰ পৰা অহা মাঞ্জাৰ শ্যামল কুমাৰ দাস, অনিল দেৱনাথ আৰু চেন্নাইৰ পৰা অহা সুৰেশ তিমুঙ ৷ ডিফুৰ ফাৰ্মাৰ্ছ গ্ৰ’থ চেণ্টাৰত কোৱাৰেণ্টিত থকা হাৰিয়ানাৰ পৰা অহা ডিফুৰ ভীম কুমাৰ, কলকাতাৰ পৰা অহা শ্যামলী ৱাংবান, চেন্নাইৰ পৰা অহা বিৰলাৰ শৈলেন্দ্ৰ কুমাৰ সিং, মাঞ্জাৰ অমৰ লামা আৰু সুৰেশ তিমুঙ৷
ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টিত থকা দুজন যুৱক ক্ৰমে, ক’হিমাৰ পৰা অহা সুকুৰমনি বসুমতাৰী আৰু অৰুণাচলৰ পৰা হেমিলছন মাৰাকৰ দেহতো মাৰাত্মক ক’ভিড ১৯ পজিটিভ পোৱা গৈছে ৷ ইফালে, বোকাজান খটখটীত থকা ৰেইনছ ইন হোটেলত দিল্লীৰ পৰা অহা দুগৰাকী যুৱতীৰ দেহত ক’ভিড ১৯ পজিটিভ পোৱা গৈছে ৷ তেওঁলোক হ’ল গৌতম বস্তিৰ আৰতি ছেত্ৰী আৰু ডিলাইৰ ডিব্ৰু মুমু ৷ উল্লেখযোগ্য যে এই হাৰত ক’ভিড ১৯ পজিটিভ ওলালে ডিফুৰ ক’ভিড হাস্পাতালত ৰখাৰ অভাৱ হ’ব ৷ অৱশ্যে সকলোখিনি কোৱাৰেণ্টিনত থকাৰ বাবে শংকাৰ কাৰণ নাই ৷













